সমললৈ যাওক

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।


কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সবাতোকৈ পুৰণি
সংৰক্ষণ ১
সংৰক্ষণ ২
সংৰক্ষণ ৩ (জানুৱাৰী ২০১২-ডিচেম্বৰ ২০১২)
সংৰক্ষণ ৪ (জানুৱাৰী ২০১৩-ডিচেম্বৰ ২০১৩)
সংৰক্ষণ ৫ (জানুৱাৰী ২০১৪-ডিচেম্বৰ ২০১৮)
সংৰক্ষণ ৬ (জানুৱাৰী ২০১৯-ডিচেম্বৰ ২০২১)
সংৰক্ষণ ৭ (জানুৱাৰী ২০২২-ডিচেম্বৰ ২০২২)
সংৰক্ষণ ৮ (জানুৱাৰী ২০২৩-ডিচেম্বৰ ২০২৩)

আলোকচিত্ৰ প্ৰতিযোগিতা আৰু নৱাগতৰ বাবে প্ৰবন্ধ প্ৰতিযোগিতাৰ আলোচনাৰ বাবে শেহতীয়া সংৰক্ষণ চাওক।

ৱিকিৰ সহায়ক ভিডিঅ' চিৰিজ

অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পত ন-শিকাৰুয়ে কেনেকৈ কাম আৰম্ভ কৰিব পাৰে সেয়া হাতে-কামে দেখুৱাই এলানি ভিডিঅ' কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অসমীয়া ৱিকিৰ ইউটিউব চেনেলত এই ভিডিঅ'সমূহ আপল'ড কৰি থ'লে নতুন শিকাৰুয়ে কাম কৰিবলৈ সুবিধা পাব। এই সম্পৰ্কে মোৰ এগৰাকী অসমীয়া বন্ধু মণীষ শৰ্মাৰ লগত কথা পাতিছোঁ। কৰ্মসূত্ৰে তেওঁ কানাডাৰ এলবাৰ্টা চৰকাৰৰ বাবে এনে শৈক্ষিক ভিডিঅ' প্ৰস্তুত কৰাত সহায় কৰে (Learning and Development Consultant)। অসমীয়া ৱিকিসমাজ আগ্ৰহী হ'লে আমাকো তেওঁ সহায়ক ভিডিঅ'ৰ প্ৰস্তুতিত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। এইবিষয়ত আপোনালোক সকলোৰে মতামত বিচাৰিছোঁ। মোৰ মতে প্ৰতিটো ভিডিঅ' দুইৰ পৰা পাঁচমিনিটৰ ভিতৰত হ'লে ভাল। সাম্ভাব্য বিষয় আৰু সমল ব্যক্তিৰ তালিকা এখন দিছোঁ। আগ্ৰহ আৰু প্ৰয়োজন অনুসৰি সালসলনি কৰিব পাৰে-

১) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট খুলিব?: ভাস্কৰ ভূঞা
২) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ প্ৰৱন্ধ সৃষ্টি কৰিব?: দিব্য দত্ত
৩) অসমীয়া ৱিকিউৎসত কেনেকৈ মুক্ত উৎসত উপলভ্য কিতাপ আপল'ড কৰিব?: প্ৰণামিকা অধিকাৰী
৪) অসমীয়া ৱিকিউৎসত কেনেকৈ কিতাপৰ মুদ্ৰণ সংশোধন কৰিব?: ৰুমী বৰা
৫) অসমীয়া ৱিকিউদ্ধৃতিত কেনেকৈ কাম আৰম্ভ কৰিব?: কুলধৰ ৰাভা
৬) অসমীয়া ৱিকিকমন্সত কেনেকৈ ফটো যোগ দিব?: গীতাৰ্থ বৰদলৈ
৭) অসমীয়া ৱিকিৰ ৱিকিপত্ৰিকাত কেনেকৈ সম্পাদনা কৰিব?: নয়নজ্যোতি নাথ
৮) ৱিকিডাটা কি আৰু কেনেকৈ? : বাবুল বৈশ্য
৯) অসমীয়া ৱিকিপিডিয়াত তথ্য উৎস: কি, কিয়, কেনেকৈ?: জোনালী বৰুৱা
১০) অসমীয়া ৱিকিপিডিয়া কি নহয়?: ঈশান জ্যোতি বৰা

-Joli Rumi (বাৰ্তা) 13:25, 20 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছি লীডচ্ কেম্পেইনৰ অধিনত শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে অধিক সেচ্ছাসেৱকক আগ্ৰহী কৰি তুলিবৰ বাবে ৯৷৪৷২০২৪ তাৰিখে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এখনি কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। কৰ্মশালাৰ বাবে সমল ব্যক্তি হিচাপে @— নয়ন জ্যোতি নাথ ৰ নাম প্ৰস্তাৱ কৰিলোঁ। লগতে অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে নিজৰ লগতে @— জ্যোতি চিৰিঙ ৰ নাম প্ৰস্তাৱ কৰিলোঁ। সকলোকে মতামত জনাবৰ বাবে অনুৰোধ জনালোঁ। নীতেশ গীলৰ পৰামৰ্শ অনুসৰি এই কৰ্মশালাখনি She Leads ৰ অধীনত অনুষ্ঠিত কৰা হ'ব। # Rumi Borah~aswiki (বাৰ্তা) 11:51, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰস্তাৱিত কাৰ্য্যসূচী

  1. পুৱা ১১ বজাৰ পৰা ১১:১০ বজালৈ - আৰম্ভণি - জ্যোতি চিৰিং
  2. পুৱা ১১:১০ বজাৰ পৰা ১১:২৫ বজালৈ - সমন্বয়কৰ দু-আষাৰ
  3. পুৱা ১১:২৫ বজাৰ পৰা ১১:৫৫ বজালৈ - ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্পৰ বিষয়ে বক্তব্য (ৱিকি কমন্স, ৱিকিউদ্ধৃতি, ৱিকি উৎস) - ৰুমী বৰা
  4. পুৱা ১১:৫৫ বজাৰ পৰা দুপৰীয়া ১২:২৫ বজালৈ - অসমীয়া মহিলা ৱিকিমিডিয়ানৰ বক্তব্য ( ভিদিঅ' ) লগতে চাহ বিৰতি
  5. দুপৰীয়া ১২:২৫ বজাৰ পৰা ১:১০ বজালৈ - ৱিকিপিডিয়াৰে পৰিচয় আৰু একাউণ্ট সৃষ্টি - নয়ন জ্যোতি নাথ
  6. দুপৰীয়া ১:১০ বজাৰ পৰা ১:৪০ বজালৈ - প্ৰশ্নোত্তৰ শিতান
  7. দুপৰীয়া ১:৪০ বজাৰ পৰা ২:৩০ বজালৈ - আহাৰ বিৰতি
  8. ২:৩০ বজাৰ পৰা ৩:৫০ বজালৈ - হাতে-কামে ৱিকি ( নয়ন জ্যোতি নাথ, জ্যোতি চিৰিং,ৰুমী বৰা )
  9. ৩:৫০ বজাৰ পৰা ৪:০০ বজালৈ - শলাগৰ শৰাই - ৰুমী বৰা


মতামত

  1. খুব সুন্দৰ পদক্ষেপ। শুভেচ্ছা জনালোঁ। দিব্য দত্ত (বাৰ্তা) 11:56, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. বঢ়িয়া৷ শুভেচ্ছা যাচিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 12:21, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. বঢ়িয়া প্ৰস্তাৱ! শুভকামনা জনাইছোঁ।-Joli Rumi (বাৰ্তা) 12:57, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. অনুষ্ঠানটোৰ সফলতা কামনা কৰিলোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 13:08, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সমৰ্থন আৰু শুভকামনা।JyotiPN (বাৰ্তা) 15:37, 4 April 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  6. নিশ্চয়কৈ সহায় আগবাঢ়ম। -Nayan j Nath (বাৰ্তা) 15:31, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. শুভেচ্ছা থাকিল - অজয়  কথা-বতৰা 16:04, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. শুভেচ্ছা থাকিল। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:56, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছি লীডচ্ কেম্পেইন:সজাগতা সভা আৰু কৰ্মশালা

Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে।

অহা ৩০ এপ্ৰিল, ২০২৪ত নগাঁও মহাবিদ্যালয়ত She Leads Capmpaignৰ অধীনত এখনি এদিনীয়া ৱিকি-সজাগতা সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ সেইদিনা অসমীয়া ৱিকিমেডিয়াৰ মহিলা সম্পাদকসকলক সম্ভৱ হ’লে উপস্থিত থাকিবলৈ আহ্বান জনালোঁ৷ কৰ্মশালাখনিত ৱিকিপিডিয়া, ৱিকিউংস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰাৰম্ভিক প্ৰশিক্ষণ দিবলৈ মনস্থ কৰা হৈছে৷ সকলো সক্ৰিয় সম্পাদকৰ পৰা দিহা-পৰামৰ্শ বিচৰা হ’ল৷(অনুষ্ঠানটিৰ কাৰ্যসূচী নিৰ্দিষ্ট হোৱাৰ পিছত এই জাননীতে সন্নিৱিষ্ট কৰা হ’ব)- Pranamikaadhikary (বাৰ্তা) 12:30, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

  • পুৱা ৯:১৫ বজাৰ পৰা ১০:০০ বজালৈ -পৰিচয়মূলক ভাষণ৷
  • পুৱা ১০:০০ বজাৰ পৰা ১০:১৫ বজালৈ -ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট তৈয়াৰ কৰিব পাৰি।
  • পুৱা ১০:১৫ বজাৰ পৰা ১০:০০ বজালৈ -ৱিকিকমন্সত ফটো কেনেকৈ আপলোড কৰিব।
  • পুৱা ১১:০০ বজাৰ পৰা ১১:১৫ বজালৈ -চাহ-বিৰতি।
  • পুৱা ১১:১৫ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ -ৱিকিউদ্ধৃতিত সম্পাদনা কৰা।
  • দুপৰীয়া ১২:৩০ বজাৰ পৰা ০১:০০ বজালৈ - প্ৰশ্নোত্তৰ
  • দুপৰেয়া ০১:০০ বজাৰ পৰা ০২:০০ বজালৈ -আহাৰ বিৰতি
  • দুপৰীয়া ০২:০০ বজাৰ পৰা ০৪:০০ বজালৈ -দুটা গোটত বিভক্ত, একে সময়তে দুগৰাকী সমল ব্যক্তিৰ দ্বাৰা ৱিকিউৎস আৰু ৱিকিপিডিয়াত সম্পাদনা প্ৰশিক্ষণ।
  • বিয়লি ০৪:০০ বজাৰ পৰা ০৪:৩০ বজালৈ -অংশগ্ৰহণকাৰীসকলৰ পৰা প্ৰশ্ন।
  • সন্ধিয়া ০৪:৩০ বজাত -প্ৰতিষ্ঠানলৈ ধন্যবাদ জ্ঞাপন। (নগাঁও মহাবিদ্যালয়)

মতামত

  1. বঢ়িয়া প্ৰস্তাৱ! শুভকামনা জনাইছোঁ।-Joli Rumi (বাৰ্তা) 12:57, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. অনুষ্ঠানটোৰ সফলতা কামনা কৰিলোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 13:09, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. আদৰণীয় প্ৰস্তাৱ। শুভেচ্ছা জনালোঁ। Mousumi.Das (বাৰ্তা) 16:16, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. খুব সুন্দৰ পদক্ষেপ। শুভেচ্ছা জনালোঁ। দিব্য দত্ত (বাৰ্তা) 14:27, 4 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. শুভেচ্ছা থাকিল।- অজয়  কথা-বতৰা 16:54, 6 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. অনুষ্ঠানটো সফল হোৱাৰ কামনা কৰিলোঁ।BhuyanBhaskar (বাৰ্তা) 10:05, 7 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. অনুষ্ঠানটোত উপস্থিত থাকি সহযোগিতা আগবঢ়াই যাবলৈ চেষ্টা কৰিম। Rumi Borah~aswiki (বাৰ্তা) 13:09, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. আন্তৰিক শুভেচ্ছা! -Nayan j Nath (বাৰ্তা) 15:32, 8 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. শুভেচ্ছা থাকিল। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:56, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. এই জয় যাত্ৰাৰ অংশীদাৰ হবলৈ আমিও যত্ন কৰিম

সক্ৰিয় ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে পদক্ষেপ

পদক্ষেপসমূহ থোৰতে

অসমীয়া ৱিকি সমাজৰ এগৰাকী অক্লান্ত সদস্য চন্দন চিৰিং আৰু নাই! কিন্তু চন্দনৰ সৰলতা, নিষ্ঠা আৰু কৰ্মোদ্যমে আমাক সদায়ে প্ৰেৰণা যোগাই যাব আৰু তেওঁক অসমীয়া ৱিকি সমাজৰ মাজত সদায়ে জীয়াই থাকিব। চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ২৮ এপ্ৰিল, দেওবাৰৰ শোকসভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ হ'ল-

ৱিকিপত্ৰিকাত শ্ৰদ্ধাঞ্জলিসূচক শিতান

মে' ২০২৪ মাহৰ ৱিকিপত্ৰিকাত চন্দন চিৰিঙৰ বাবে এটা শ্ৰদ্ধাঞ্জলিসূচক শিতান ৰখাৰ প্ৰস্তাৱ। তাতে সকলোৱে চন্দনৰ সান্নিধ্য বা কোনো অভিজ্ঞতা, শ্ৰদ্ধাঞ্জলিৰে বাৰ্তা দিব পাৰিব। এই ৱিকিপত্ৰিকা ৫ মে' তাৰিখে মাহিলী ৱিকিসভাত মুকলি কৰা হ'ব।

সমন্বয়ক: দিব্য দত্ত

অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ

চন্দনৰ সকলো লেখা, ৱিকিত অৱদানৰ পৰিসংখ্যা, পদক আৰু ৱিকিপত্ৰিকাৰ শ্ৰদ্ধাঞ্জলিসূচক বাৰ্তাসমূহ যোগ দি এখন অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ। এই স্মৃতিগ্ৰন্থ প্ৰয়োজন অনুসৰি প্ৰিণ্ট কৰিব পৰা যাব। এই স্মৃতিগ্ৰন্থৰ অনলাইন আৰু অফলাইন কপি অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰি।

সমন্বয়ক: ঈশান জ্যোতি বৰা, গীতাৰ্থ বৰদলৈ

চন্দন চিৰিং ফুকন সোঁৱৰণী ভিডিঅ' প্ৰস্তুত

চন্দনৰ লগত জড়িত সকলো ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল লগ লগাই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত। এই সকলো ফাইল এই লিংকত গৈ গুগল ড্ৰাইভত যোগ দিবলৈ অনুৰোধ কৰিছোঁ। এই সংকলিত ভিডিঅ' ৰূপটো অসমীয়া ৱিকিৰ ইউটিউব চেনেল আৰু অন্যান্য সামাজিক মাধ্যমত অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব পাৰি।

সমন্বয়ক: জলি ৰুমী বৰা

চন্দন চিৰিং পদক

ৱিকিউদ্ধৃতিত প্ৰতিমাহে সৰ্বোচ্চ সম্পাদনা কৰা সদস্যগৰাকীক 'চন্দন চিৰিং পদক' দিয়াৰ প্ৰস্তাৱ। এই পদকৰ সাঁচটো সাজিবলৈ নয়ন জ্যোতি নাথক অনুৰোধ কৰিছোঁ।

সমন্বয়ক: নয়ন জ্যোতি নাথ

চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস

  • সমন্বয়ক: প্ৰণামিকা অধিকাৰী

চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস সম্পৰ্কীয় হোৱাটছ আপ গোটত হোৱা আলোচনাৰ সাৰাংশ:

ন্যাসৰ সংবিধান

ন্যাসৰ এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব

  • দিব্য দত্ত
  • প্ৰণামিকা অধিকাৰী
বেংক একাউণ্ট

ন্যাসৰ বেংক একাউণ্ট তেজপুৰ নাইবা নগাঁৱত খুলিব লাগিব

পৰিয়ালৰ সদস্য

ন্যাসৰ সাধাৰণ সদস্য হিচাপে চন্দন চিৰিং ফুকনৰ পৰিয়ালৰ এজন বা দুজন ব্যক্তিক ৰখা হ’ব।

কাৰ্যনিৰ্বাহক সমিতি

ন্যাসৰ এখন কাৰ্যনিৰ্বাহক সমিতি তলত উল্লেখ কৰাৰ দৰে গঠন কৰা হওক:

  • সভাপতি -
    • প্ৰণামিকা অধিকাৰী
  • সম্পাদক -
    • নয়ন জ্যোতি নাথ
  • সহঃ সম্পাদক -
    • দিব্য দত্ত
  • হিচাপ পৰীক্ষক -
    • ঈশান জ্যোতি বৰা
    • গীতাৰ্থ বৰদলৈ
  • কাৰ্যকৰী সদস্য -
    • ভাস্কৰ ভূঞা
    • জলি ৰুমী বৰা
    • জোনালী বৰুৱা
    • ৰুমী বৰা
    • চাণক্য কুমাৰ দাস
    • কূলধৰ ৰাভা
    • প্ৰিয়াংকুশ ডেকা
    • অনামিকা বড়া

চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা

বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান এজনক ‘চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা দিয়াৰ প্ৰস্তাৱ। এই বঁটাৰ সৈতে মানপত্ৰ, কিতাপৰ টোপোলা আদি অন্যান্য সামগ্ৰী থাকিব। তাৰ বাবে প্ৰয়োজনীয় খা-খৰছৰ বাবে আগ্ৰহী যিকোনো ৱিকিমিডিয়ানে সহায় কৰিব পাৰিব। এই পদক প্ৰতিবছৰে ৱিকিউদ্ধৃতিৰ জন্মদিন ৪ জানুৱাৰী তাৰিখে দিয়াৰ কথা ভবা হৈছে।

সমন্বয়ক: ভাস্কৰ ভূঞা, অনামিকা বড়া
২০২৪ চনৰ পুৰস্কাৰ:
নগদ ধন: নয়ন জ্যোতি নাথ (৫০০১/- টকা)
কিতাপৰ টোপোলা:প্ৰিয়াংকুশ ডেকা আৰু অনামিকা বড়া
মানপত্ৰ: ভাস্কৰ ভূঞা

চন্দন চিৰিং ফুকন সোঁৱৰণী সম্পাদনা মেলা

ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ উদেশ্যে ১ মে'ৰ পৰা ৩১ মে' লৈ দ্বিতীয় এখন চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা আয়োজন কৰাৰ প্ৰস্তাৱ দিছোঁ। এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব পৰা হ'ব।

সমন্বয়ক: কুলধৰ ৰাভা, উদ্ধৃতি পৰীক্ষক: দিব্য দত্ত, চাণক্য কুমাৰ দাস
পুৰস্কাৰ: জলি ৰুমী বৰা; মানপত্ৰ:...

মতামত

  1. সমৰ্থন জনালোঁ।দিব্য দত্ত (বাৰ্তা) 15:39, 28 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন। Psneog (বাৰ্তা) 20:32, 28 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন জনালোঁ।Rumi Borah~aswiki (বাৰ্তা) 02:21, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. সমৰ্থন জনালোঁ।Jyoti Chiring (বাৰ্তা) 02:28, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থন - 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:53, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন - KHI-LAN-TZI
  7.  সমৰ্থনচাণক্য (বাৰ্তা) 13:43, 29 April 2024 (সুন্দৰ পদক্ষেপ)
  8.  সমৰ্থনBhuyanBhaskar (বাৰ্তা) 17:00, 1 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - Pranamikaadhikary (বাৰ্তা) 18:22, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10.  সমৰ্থন -Rajdweep nlb (বাৰ্তা) 06:14, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11.  সমৰ্থন — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 09:29, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা

নিয়মাৱলী

  • বঁটাত থাকিব এখন মানপত্ৰ, এটা ট্ৰফী আৰু কিতাপৰ টোপোলা। লগতে ইচ্ছুক ৱিকিমিডিয়ানে নিজে ঘোষণা কৰি নগদ ধন আগবঢ়াব পাৰিব।
  • বঁটাটো প্ৰতিবছৰে ৪ জানুৱাৰীত ঘোষণা কৰা হ'ব।
  • অসমীয়া ৱিকিৰ যিকোনো প্ৰকল্পত সক্ৰিয় হোৱা সদস্যসকলৰ মাজৰ পৰা এজন নিৰ্বাচিত কৰা হ'ব।
    • বছৰটোত অসমীয়া ৱিকিপিডিয়াত অতি কমেও ৫০ টা প্ৰবন্ধ সৃষ্টি কৰিব লাগিব। এটা প্ৰবন্ধত সন্নিৱিষ্ট ন্যূনতম শব্দ ৩০০।
    • অসমীয়া ৱিকিউদ্ধৃতিত বছৰটোত ন্যূনতম ৩০ টা পৃষ্ঠা সৃষ্টি কৰিব লাগিব আৰু প্ৰতিটো পৃষ্ঠাত কমেও ৫ টা উদ্ধৃতি থাকিব লাগিব নাইবা পুৰণি পৃষ্ঠাসমূহত কমেও ১৫০ টা উদ্ধৃতি জমা কৰিব লাগিব।
    • অসমীয়া ৱিকিউৎসত ন্যূনতম ১০০০ পৃষ্ঠা মুদ্ৰণ সংশোধন অথবা বৈধকৰণ কৰিব লাগিব।
  • তিনিওটা প্ৰকল্পৰ চৰ্তসমূহৰ ভিতৰত যিকোনো এটা পূৰ হ’লে যোগ্য বিবেচিত হ’ব।
  • কোনো এটা প্ৰকল্পত সৰ্বোচ্চ সম্পাদনা কৰা দুজন বা ততোধিক হ'লে আন দুটা প্ৰকল্পৰ যিকোনো এটাত সক্ৰিয়তাৰ ভিত্তিত বিজয়ী নিৰ্ণয় কৰা হ'ব।
  • কোনো বৰ্ষত কোনো ৱিকিমিডিয়ান যোগ্য বিবেচিত নহ’লে বঁটা বাতিল কৰা হ’ব।
  • এবাৰ বঁটা লাভ কৰাজন দ্বিতীয়বাৰৰ বাবে বিবেচিত নহ'ব।
  • এই বঁটা ২০২৪ চনৰ পৰা আৰম্ভ কৰি তিনিবছৰলৈকে দিয়া হ'ব । তিনিবছৰৰ পাছত শেষৰ বছৰটোত বঁটাটো পুনৰ অনাগত তিনিবছৰলৈ বাহাল কৰিবলৈ সমকালীন সক্ৰিয় সদস্যসকলৰ সন্মতিত ৰাইজৰ চৰাত প্ৰস্তাৱ গৃহীত হ'ব লাগিব।
  • বঁটা সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ দায়িত্ব চন্দন চিৰিং ফুকন সোঁৱৰণী ন্যাসৰ ওপৰত ন্যস্ত থাকিব।
  • আয়োজকসকল/বঁটা প্ৰদান সমিতি এই বঁটাৰ বাবে বিবেচিত নহ'ব।

আয়োজক সমিতি (অস্থায়ী)

(আৰম্ভণি পৰ্যায়ত আয়োজক সমিতিত আছে বঁটাৰ বৰঙণি দিয়াসকল, বিচাৰক/পৰ্যবেক্ষক, অন্য কেইজনমান সদস্য, প্ৰশাসকসকল। ইয়াৰ বাহিৰে বঁটা ল'বলৈ অনিচ্ছুক হ'লে ২০১৯ চনৰ পূৰ্বৰ পৰা সক্ৰিয় ৱিকিমিডিয়ানে তলত নিজৰ নাম আৰু চহী প্ৰদান কৰিব পাৰে।)

ক্ৰমিক নং আয়োজক সমিতিৰ সদস্যৰ নাম চহী
নয়ন জ্যোতি নাথ Nayan j Nath (বাৰ্তা) 15:43, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
দিব্য দত্ত দিব্য দত্ত (বাৰ্তা) 08:16, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰণামিকা অধিকাৰী
জলী ৰুমী বৰা
অনামিকা বড়া অনামিকা(চুমু) বড়া (বাৰ্তা) 07:59, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
চাণক্য কুমাৰ দাস চাণক্য (বাৰ্তা) 08:18, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কুলধৰ ৰাভা 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 08:15, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাস্কৰ ভূঞা
প্ৰিয়াংকুশ ডেকা Priyankush Deka (বাৰ্তা) 08:32, 1 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিৰ জন্মদিন উদযাপন আৰু চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ উন্মোচন

মে' মাহৰ অনলাইন ৱিকি মিটৰ সিদ্ধান্ত মৰ্মে "অসমীয়া ৱিকিৰ জন্মদিন তথা চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ উন্মোচন" ২০২৪ চনৰ ২ জুন তাৰিখে তেজপুৰৰ অগ্নিগড় উদ্যানত অনুষ্ঠিত কৰাৰ মনস্থ কৰা হৈছে। ইয়াত সমন্বয়ক হিচাপে কোনে কোনে দায়িত্ব গ্ৰহণ কৰিব আৰু কেনেদৰে আয়োজন কৰা হ'ব সেই বিষয়ে সকলো ৱিকিমিডিয়ানৰ পৰা দিহা পৰামৰ্শ বিচৰা হ'ল। Rumi Borah~aswiki (বাৰ্তা) 18:02, 6 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উপস্থিত থাকিম

  1. Pranamikaadhikary (বাৰ্তা) 18:08, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিব পাৰিম বুলি আশা কৰিছোঁ৷ BhuyanBhaskar (বাৰ্তা) 05:25, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Nayan j Nath (বাৰ্তা) 23:30, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. বিষ্ণু শইকীয়া 11:37, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. উপস্থিত থাকিম বুলি ভাবিছোঁ। Rumi Borah~aswiki (বাৰ্তা) 14:31, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উপস্থিত থকাৰ চেষ্টা কৰিম

সমৰ্থন

  1. সমৰ্থন । BhuyanBhaskar (বাৰ্তা) 06:19, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) 06:58, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 07:40, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. বাবুল বৈশ্য (বাৰ্তা) 08:07, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 09:27, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন- Joli Rumi (বাৰ্তা) 12:24, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7.  সমৰ্থনচাণক্য (বাৰ্তা) 14:53, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8.  সমৰ্থন -Pranamikaadhikary (বাৰ্তা) 18:13, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9.  সমৰ্থন - দিব্য দত্ত (বাৰ্তা) 01:52, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিৰোধ

কাৰ্যসূচী

মতামত

  1. ই-বুকখনৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছোঁ৷ অৱশ্যে মূল অনুষ্ঠানৰ দিনা উপস্থিত থকাৰ সম্ভাৱনা কম৷ ঈশান জ্যোতি বৰা (বাৰ্তা) 07:40, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিব নোৱাৰিম যদিও দূৰৈৰ পৰাই যি পাৰোঁ সহায়-সহযোগিতা কৰিবলৈ প্ৰস্তুত। -Joli Rumi (বাৰ্তা) 12:25, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. তেজপুৰৰ পৰা কিছু দূৰৈত থকাসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটি দুপৰীয়া সময়ত দুই-তিনিঘণ্টাৰ ভিতৰতে কৰা ভাল যেন লাগিছে৷ নগাঁওৰ পৰা যিমান পাৰোঁ সহযোগিতা আগবঢ়াম৷- Pranamikaadhikary (বাৰ্তা) 18:10, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. উপস্থিত থাকিব নোৱাৰিম। দিব্য দত্ত (বাৰ্তা) 01:53, 8 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. স্থানীয় ব্যক্তি হিচাপে এই সভাত উপস্থিত থকাৰ লগতে যথাসম্ভৱ সহায় কৰিব প্ৰয়াস কৰিব। লগতে মোৰ বাবে নিৰ্দিষ্ট কোনো কৰনীয় থাকিলে নিসংকোচে জনায় যেন। বিষ্ণু শইকীয়া 11:41, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আহোম বুৰঞ্জী সম্পৰ্কীয় প্ৰবন্ধসমূহৰ সম্পাদনা

শেহতীয়াকৈ আহোম বুৰঞ্জী (ৰাজ্য, ৰাজবংশ, কীৰ্তিচিহ্ন আদি) সম্পৰ্কীয় প্ৰবন্ধসমূহত গুৰুতৰ সালসলনি পৰিলক্ষিত হৈছে। প্ৰবন্ধসমূহৰ সম্পাদনা সম্পৰ্কীয় বিবাদ নিঃসৰণ কৰিবলৈ কেইটামান প্ৰস্তাৱ দিব খুজিছোঁ।

  1. প্ৰবন্ধসমূহৰ শিৰোনাম প্ৰচলিত অসমীয়া নামেৰে হ'ব লাগিব। আহোম নামসমূহ মূলৰ ওচৰচপা হ'ব পাৰে যদিও সেইসমূহ প্ৰচলিত (common) বা সহজবোধগম্য নহ'ব পাৰে। আহোম নাম যেনে -"চ্যু-হ্যুণ-মু'ঙ" আদি বন্ধনীৰ ভিতৰত থাকিব পাৰে।
  2. আৰম্ভণিৰ অংশবোৰত আহোম লিপি আৰু অসমীয়া লিপিৰে "মৌঙ ডুন চোন খাম" লিখাৰ বোধকৰোঁ প্ৰয়োজন নাই। প্ৰচলিত গ্ৰন্থ বা আন উৎসত তেনেকৈ পৰিচয় দিয়া নহয়।
  3. প্ৰবন্ধবোৰ বিৱৰণ অংশবোৰত অপৰিহাৰ্য্য আহোম শব্দসমূহ বুজি পোৱাকৈ বন্ধনীত যিমান পাৰি অসমীয়া অৰ্থ থকা উচিত বা শব্দবোৰ মূল প্ৰবন্ধলৈ সংযোগ কৰা উচিত।
  4. তথ্যসূত্ৰৰ ক্ষেত্ৰত "প্ৰাথমিক উৎস" পৰিহাৰ সলনি গৌণ বা তৃতীয় শ্ৰেণীৰ উৎস ব্যৱহাৰ কৰা উচিত।

এই ক্ষেত্ৰত সকলোৰে মতামত কামনা কৰিলোঁ। আৰু কিবা থাকিলে যোগ দিব পাৰে। ৰাইজ সন্মত হ'লে এইসমূহ প্ৰবন্ধৰ সম্পাদনাৰ বাবে ২৪ আগষ্টৰ পৰা এসপ্তাহ সময় প্ৰস্তাৱ কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:45, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মতামত

  1. সমৰ্থন। দিব্য দত্ত (বাৰ্তা) 11:58, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. সমৰ্থন। -Nayan j Nath (বাৰ্তা) 13:01, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন৷- Pranamikaadhikary (বাৰ্তা) 13:10, 17 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]